ভাৰতবৰ্ষৰ আদৰ্শ ব্যক্তি আৰু তেওঁলোকৰ গুণ....History of India....General Knowledge.....


        নমস্কাৰ বন্ধুসকল, abcd-iq.blogspot.com ত আপোনালোকক স্বাগতম জনাইছো। মই অনুজিত সূত্ৰধৰ, আৰু ইয়াত সকলো ধৰনৰ General Knowledge, Current Affairs, banking awareness, বিষয়ে আলোচনা কৰো। যিবোৰ C.TET, SSC, RRB, IBPS, UPSC, পৰিক্ষাত প্ৰয়োজন হয়।



ভাৰতবৰ্ষৰ আদৰ্শ ব্যক্তি আৰু তেওঁলোকৰ গুণঃ


১) শ্ৰীৰাম চন্দ্ৰঃ প্ৰতিজ্ঞা

২) কৰ্ণঃ দান

৩) অভিমন্যুঃ সাহস

৪) প্ৰহ্লাদঃ হৰিভক্তি

৫) একলব্যঃ গুৰুভক্তি

৬) ভগত সিংঃ দেশভক্তি, বলিদান

৭) লৱ-কুশঃ বীৰত্ব

৮) হকীকত ৰায়ঃ ধৰ্মনিষ্ঠ

৯) অজিত সিংহ, জুঝাৰ সিংহঃ আত্মত্যাগ, বলিদান

১০) কনকলতাঃ দেশপ্ৰেম

শ্ৰীৰাম চন্দ্ৰ

শ্ৰীৰাম চন্দ্ৰ আছিল অযোদ্ধাৰ ৰজা দশৰথৰ প্ৰথম পুত্ৰ। দশৰথ ৰজাৰ চাৰিজন পুত্ৰ আছিল। প্ৰথম পুত্ৰ ৰাম, দ্বিতীয় পুত্ৰ ভৰত, তৃতীয় পুত্ৰ লক্ষণ অৰু চতুৰ্থ পুত্ৰ শত্ৰুঘ্ন। দশৰথ ৰজাই দ্বিতীয় পত্মী কৈকেয়ীক দিয়া প্ৰতিজ্ঞা বাবে ৰাম চন্দ্ৰই ১৪ বছৰ বনবাস খাটিব লগীয়া হৈছিল। শ্ৰীৰাম চন্দ্ৰ পত্মী আছিল সীতাদেৱী। ৰাম চন্দ্ৰ আছিল ৰঘুবংশৰ উত্তৰাধীকাৰী। ৰঘুবংশী সকলে নিজৰ প্ৰণ দি হলেওঁ তেওঁলোকৰ প্ৰতিজ্ঞা ৰক্ষা কৰিছিল। সেয়েহে ৰাম চন্দ্ৰই পিতৃ বাক্য পালন কৰি বনবাসলৈ গৈছিল।

কৰ্ণ

কৰ্ণ আছিল কুন্তিৰ জেষ্ঠ পুত্ৰ, তেওক মহাৰথী ভিষ্মৰ সাৰথী আৰু তেওঁৰ ঘৈনিয়েক ৰাধাই ল্লন পালন কৰিছিল। কৰ্ণই কুৰুক্ষেত্ৰৰ যুদ্ধত অধৰ্মৰ হৈ যুদ্ধ কৰিছিল। কিন্তু তেওঁ বৰ ধৰ্ম প্ৰাণলোক আছিল এই বিষয়ে তেওঁ যেতিয়া নিজৰ পিতৃৰ লগত আলোচনা কৰিছিল তেওঁৰ পিতৃয়ে তেওঁক প্ৰতিদিনে সূৰ্য্য় নমস্কাৰৰ পিছত দান কৰিবলৈ উপদেশ দিছিল।
তেওঁ মহাদানী আছিল তেওঁ নিজৰ কৱজ আৰু কুণ্ডল পৰ্যন্ত দান কৰিছিল। তেওঁ পৃথিবীৰ শ্ৰেষ্ঠতম ধনুৰ্ধৰ আছিল।
you may like to see: ভাৰতৰ বিখ্যাত কীৰ্তস্তম্ভ আৰু উচ্চতা https://abcd-iq.blogspot.com/2020/06/history-of-indiageneral-knowledge_12.html

অভিমন্যু

অভিমন্যু আছিল মহাধনুৰ্ধৰ অৰ্জুন আৰু সুভদ্ৰা একমাত্ৰ পুত্ৰ। তেওঁ ভগৱান শ্ৰীকৃষ্ণ ভাগীনিয়েক আছিল। মাতৃ গৰ্ভত থাকোতেই ধনুৰবাদ্য়া শিকিছিল, তেওঁ মহাৰথী ভীষ্মৰ লগত যুদ্ধ কৰিছিল।
মহাৰথী ভীষ্মৰ মৃত্য়ু পিছত কৌৰৱ সকলে ছলে-বলে চক্ৰভিউৰ ভিতৰলৈ লৈ হত্য়া কৰিছিল। চক্ৰভিউৰ ভিতৰত তেওঁ আতি সাহসৰে বাভিন্ন মহাৰথী গুৰুদ্ৰোণ, অশ্বথামা,কৰ্ণ, দুৰ্জধন, দুশ্বাসন ইত্যাদি সকলৰ লগত অকলে যুদ্ধ কৰিছিল।

প্ৰহ্লাদ

প্ৰহ্লাদ আছিল ৰাক্ষস ৰজা হিৰণ্যকশপুৰ পুত্ৰ। প্ৰহ্লাদ ভগৱান বিষ্ণুৰ পৰম ভক্ত আছিল আৰু হিৰণ্যকশপুৰ শত্ৰু আছিল ভগৱান বিষ্ণুৰ। হিৰণ্যকশপুয়ে প্ৰহ্লাদক এই হৰি নাম লোৱাৰ বাবে বিভিন্ন শাস্তি দিছিল। তাৰে ভিৰত হাতীৰে গছকি দিছিল পাহাৰৰ পৰা পেলাই দিছিল অসংখ্য বিশাক্ত সাপৰ ভিতৰত ঠেলি দিছিল আৰু এক অন্যতম শাস্তি হ'ল হিৰণ্যকশপুৰ ভনিয়েক হলিকাৰ কোলাত বহায় জলন্ত জুইত থৈ দিছিল কিন্তু প্ৰহ্লাদৰ কোনো ধৰনৰ ক্ষতি হোৱা নাছিল আৰু সেই জলন্ত জুইত হলিকাৰ মৃত্যু হৈছিল।

একলব্য

একলব্যই গুৰুদ্ৰোণৰ মুৰ্তি বনাই শিক্ষাগ্ৰহন কৰিছিল। আৰু যেতিয়া গুৰুদ্ৰোণে জানিৱ পাৰিছিল একলব্যই মোৰ মুৰ্তি বনাই শিক্ষাগ্ৰহন কৰিছে তেতিয়া একলব্যৰ পৰা গুৰুদক্ষিনা হিচাপে একলব্যৰ সৌ-হাতৰ বুঢ়া আঙুলি খুজিছিল ।


1 Comments

Post a Comment
Previous Post Next Post