আমাৰ জাতীয় পতাকা.....Indian Flag....General Knowledge

নমস্কাৰ বন্ধুসকল, abcd-iq.blogspot.com ত আপোনালোকক স্বাগতম জনাইছো। মই অনুজিত সূত্ৰধৰ, আৰু ইয়াত সকলো ধৰনৰ General Knowledge, Current Affairs, banking awareness, বিষয়ে আলোচনা কৰো। যিবোৰ C.TET, SSC, RRB, IBPS, UPSC, পৰিক্ষাত প্ৰয়োজন হয়।

আমি আজি আলোচনা কৰিম ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰতীক আৰু ইয়াৰ ব্যৱহাৰ বিষয়ে.............



Indian flag


প্ৰতেক ৰাষ্ট্ৰৰে একোখন পতকা থাকে আৰু ই ৰাষ্ট্ৰৰ মৰ্যাদাৰ প্ৰতীক স্বৰূপ । ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতাকাখনক 'জাতীয় পতাকা' বা ত্ৰিৰংগা পতাকা বুলিও কওঁ । জাতীয় পতাকাখনৰ সন্মান আৰু ইয়াৰ স্থান সকোৰে ওপৰত । ইয়াতকৈ বেছি উচ্চতা নাইবা সোঁফালে অইন কেনে পতাকা বা প্ৰতীক ৰাখিব নেৱাৰি ।

ৰাষ্ট্ৰীয় পতাকাখন জোখ হ'ল দীঘ পুতলৰ দেৰগুন, পতাকাখন খাদী কাপোৰৰ । ইয়াক ৰাষ্ট্ৰীয় পৰ্ব বা কাৰ্যসূচীত যেনে স্বাধীনতা দিৱস, গনতন্ৰ দিৱস, গান্ধী জয়ন্তী আদি দিনত উত্তোলন কৰা হয় ।

জাতীয় দিৱসত মানুহৰ ঘৰে ঘৰে উত্তোলন কৰিব পাৰি, কিন্তু সূৰ্যস্তৰ পূৰ্বেই ইয়াক নমাব লাগে । অফিচ, কাছাৰী আদিত এই পতাকা উত্তোলন কৰিব পাৰি।
জাতীয় শোক দিৱসত চৰকাৰী কাৰ্যলয়, আদালত আদিত উত্তোলিত অৱস্থাত থকা পতাকা অৰ্দ্ধনমিত কৰিব লাগে। কোনো শোভাযাত্ৰা আদিত ৰাষ্ট্ৰীয় পতাকাৰ লগত অন্য় পতাকা থাকিলেও ৰাষ্ট্ৰীয় পতাকা সকলোৰে আগত থাকিব লাগে।

আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ ৰং তিনিটা

১। গেৰুৱা
২। বগা আৰু
৩। সেউজীয়া

ওপৰৰ ভাগত গেৰুৱা,মাজত বগা, আৰু একেবাৰে তলৰ ভাগত সেউজীয়া । মাজৰ বগা অংশত নীলা, ২৪ ডাল কাঠিযুক্ত "অশোক চক্ৰ" টো ডাট নীলা ৰঙেৰে অংকিত কৰা আছে । ৰাষ্ট্ৰীয় পতাকাখনত মুঠতে চাৰিটা ৰঙৰ সমাবেশ ঘটিছে । এই চক্ৰটো মহান "সম্ৰাট অশোকৰ" স্মিতিত ৰখা হৈছে ।

পতাকা উত্তোলন কৰোঁতে সেউজীয়া ৰঙটো সদায় তলৰ ফালে থাকে ।
পতাকা উত্তোলন কৰা দণ্ডডাল সদায় পোনকৈ ৰাখিব লাগে ।
দণ্ডডাল কোনো অৱস্থাতে হেলনীয়া হ'ব নালাগে ।

ৰাষ্ট্ৰীয় পতাকাৰ ৰঙবোৰৰ তাৎপৰ্যঃ


ওপৰৰ গেৰুৱা ৰঙটো ত্যাগ আৰু সাহসৰ প্ৰতীক,
মাজৰ বগা ৰঙটো শান্তি আৰু সত্য প্ৰতীক,
তলৰ সেউজীয়া ৰঙটো বিশ্বাস আৰু শৌৰ্যৰ প্ৰতীক বুজায় ।




সংগ্ৰহ অসম প্ৰকাশন ভাৰতী
Post a Comment (0)
Previous Post Next Post